তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন

  • "বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শৰে আগবাঢ়িলে আমি এখন সুন্দৰ আৰু সমৃদ্ধিশালী অসম গঢ়ি তুলিবলৈ সক্ষম হ'ম।" আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সঞ্জয় কিশানে এইদৰে কয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই অনুষ্ঠানত তিনিচুকীয়াৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ঝুমুৰ শিল্পী দুলাল মানকি, বিশিষ্ট গায়ক পুৰ্ণেন্দু দাস, লিপিকা শ‌ইকীয়া আৰু কামিনী গোহাঁই আদিৰ উপৰি সাংস্কৃতিক মহাসংগ্ৰামত জিলাখনৰ বিজয়ী কন্ঠ শিল্পী সকলেও সুন্দৰকৈ ৰাভা সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে। অনুষ্ঠানত জিলা আয়ুক্ত শ্ৰীযুত স্বপ্নীল পালৰ উপৰি সকলো অতিৰিক্ত আয়ুক্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া প্ৰমুখ্যে জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে আজি ৰাজ্যিক ভিত্তিত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্ৰীয় ৰাভা দিৱসৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰৰ্দশন কৰা হয়।