অভিৰোচন অনুষ্ঠান

  • তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আজি জিলা আয়ুক্ত শ্ৰী স্বপ্নীল পাল মহোদয়ৰ সৈতে আৰোহন আচঁনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত "মেন্টী" সকলৰ সৈতে "অভিৰোচন অনুষ্ঠান" আয়োজিত হয়। তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত সন্মিলন কেন্দ্রত অনুষ্ঠিত এই অভিৰোচন অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ১১৬ খন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ তথা ছাত্ৰীসকলে মেন্টী হিচাপে অংশগ্ৰহন কৰে। অনুষ্ঠানত আমন্ত্ৰিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, ডুমডুমাৰ অধক্ষ্য ড০ অমৰজিৎ শইকীয়া।      তিনিচুকীয়া জিলাৰ মাননীয় জিলা আয়ুক্ত শ্ৰী স্বপ্নীল পাল (ভা.প্ৰ.সে) মহোদয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ কৰাৰ লগতে ভৱিষ্যতে এজন সফল ব্যক্তি তথা এজন সুনাগৰিক হবলৈ কেনেদৰে আহোপুৰুসাৰ্থ কৰিব লাগিব সেই বিষয়ে বিশদভাবে মন্তব্য আগবঢ়ায়। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে সৎ, কৰ্তব্যপৰায়ণ আৰু শৃংখলাবদ্ধ হবলৈ পৰামৰ্শ দিয়ে। সফলতা অৰ্জন কৰিবলৈ হলে ছাত্ৰ-ছাত্ৰীসকলক আত্মবিশ্বাসী হোৱাৰ লগতে জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈয়ো জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে ছাত্ৰ- ছাত্ৰীসকলক জীৱনত কেতিয়াও হতাশ নহবলৈ আৰু স্বাস্থ্যৰ প্ৰতি সচেতনতা হবলৈয়ো পৰামৰ্শ আগবঢ়ায়। আনহাতে, প্ৰতিগৰাকী মেন্টীয়ে এগৰাকী মেন্টৰৰ তত্বাৱধানত আগন্তক শৈক্ষিক জীৱন সফলতাৰে আগুঁৱাই লৈ যোৱাৰ ক্ষেত্রত আৰোহন আচঁনিখনে বিশেষ বৰঙনি যোগাবলৈ সক্ষম হব বুলি জিলা আয়ুক্ত শ্ৰী স্বপ্নীল পাল মহোদয়ে আশা প্ৰকাশ কৰে।   বন্তি প্ৰজ্বালনেৰে আৰম্ভ হোৱা "অভিৰোচন অনুষ্ঠান"ত আদৰণি ভাষণ আগবঢ়ায় শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী সোনতৃষ্ণা ঘৰফলীয়াই। জিলা প্ৰশাসনৰ তৰফৰ পৰা উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰনি জনোঁৱাৰ লগতে উপহাৰো প্ৰদান কৰা হয়। আজিৰ "অভিৰোচন অনুষ্ঠান"ৰ লগত সংগতি ৰাখি মেন্টীসকলে নিজে প্ৰস্তুত কৰা বিভিন্ন বিজ্ঞান ভিত্তিক আৰ্হিসমূহৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত হয়।   অনুষ্ঠানৰ অন্তত মেন্টীসকলে জিলা আয়ুক্তগৰাকীৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে ।