District Day Celebration

  • ঐতিহ্যমণ্ডিত তিনিচুকীয়া জিলাই ৩৪ টা বৰ্ষ সম্পূৰ্ণ কৰাৰ শুভমুহূৰ্তত তিনিচুকীয়া জিলা প্ৰশাসন আৰু তিনিচুকীয়া জিলাবাসী ৰাইজৰ সহযোগিতা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰনৰ সাংস্কৃতিক কেন্দ্র ১ অক্টোবৰ তাৰিখে আয়োজিত "দ্বিতীয় সংখ্যক তিনিচুকীয়া জিলা দিৱস"ৰ অনুষ্ঠানৰ কিছু মুহুৰ্ত। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী সঞ্জয় কিশান মহোদয়। ডুমডুমা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ৰুপেশ গোৱালা, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি শ্ৰী ৰাজেন্দ্ৰ নাথ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি শ্ৰী পৱিত্ৰ গগৈ, মাকুম পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী বিপাশা বৰা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰনৰ সভাপতি শ্ৰী কাজল গোহাঁই, "Assam Hydrocarbon & Energy Company Ltd"ৰ উপ-সভাপতি শ্ৰী শিৱজী ডুবে প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তি, বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকল আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল জিলা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকে। দ্বিতীয় সংখ্যক জিলা দিৱসৰ কাৰ্য্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট নাগৰিক তথা সাংবাদিক পেঞ্চনাৰ প্ৰাপক শ্ৰী অমূল্য খাতনিয়াৰ। সাংস্কৃতিক অনুষ্ঠানত নৃত্যাংগন কলা কেন্দ্ৰৰ শিল্পীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল নৃত্য পৰিবেশন, তিনিচুকীয়া ৱইমেনচ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা লোকনৃত্য পৰিবেশন লগতে বিশিষ্ট গায়ক শ্ৰী লোহিত গগৈৰ আৰু স্থানীয় গায়কসকলে সংগীত পৰিবেশন কৰে।